পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


অসন্তোষ সন্তোষক লভিলো অপাৰ।
ক্ষয় বৃদ্ধি উদয়কো পাইলো বাৰেবাৰ॥
সংযোগ-বিযোগ শত্ৰু-মিত্ৰ-বান্ধৱৰ।
দেখিলো সংসাৰে পিতৃ-মাতৃক বিস্তৰ॥
সুখ দুখ অনুভৱ ভৈল অসংখ্যাত।
পাইলো পুত্ৰ ভাতৃ জ্ঞাতি অনেক ইহাত॥
বিষ্ঠা মূত্ৰে পচিলো নাৰীৰ উদৰত।
গৰ্ভবাস-দুঃখ প্ৰভু পাইলো নানামত॥
জানিলোহো দুঃখ শিশু যুবা বৃদ্ধকালে।
মৰণ পীড়াক প্ৰভু জানিলোহো ভালে॥
যমপুৰে যেন দুঃখ পাইলো সমস্তকে।
জানিলো যাতনা যেন চৌৰাশী নৰকে॥
কৃমি কীট হস্তী ঘোৰা মৃগ বৃক্ষ পক্ষী।
গৰু উট মহিষ পশুক যত দেখি॥
দ্বিজ শূদ্ৰ ধনী দুঃখী তপস্বী যতেক।
ৰাজা ৰাজ-ভৃত্য অন্যো মনুষ্য অনেক॥
সবাৰে গৃহত বাৰে বাৰে ভৈলো জাত।
অনেকৰ ভৈলো প্ৰভু ভৃত্য অসংখ্যাত॥
হওঁ কতো দৰিদ্ৰ ঈশ্বৰ অধিকাৰী।
কতো মোক মাৰে কতো ময়ো আছো মাৰি॥
মই আনি কাটো কতো মোক ধৰি কাটে।
ভণিল শঙ্কৰ ৰাম নাম বোলা ঝাণ্টে॥

(কীৰ্ত্তন, ২১৮২—২১৮৯)