পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জন্মান্তৰ

১৷ তিনি গুণময় জ্ঞান কৰ্ম্ম আদি যত।
সেহি কৰ্ম্মে বন্ধ হুয়া জীৱে সংসাৰত॥
ফুৰি থাকে নানাবিধ শৰীৰক ধৰি।
এৰায় গুণক মোৰ ভকতি আচৰি॥

(ৰত্নাকৰ ভাঃ ৫০৫)

২৷ সংসাৰ চক্ৰত   চিৰকাল ভ্ৰমো
 তোমাত নভৈল বোধ।
একোৱে প্ৰকাৰে  সুখ শান্তি নাই
 নিজিনিলো কাম-ক্ৰোধ॥

(কীৰ্ত্তন, ১৩৮৯)

৩৷ নানাবিধ ব্যাধি জৰা ৰোগ দুঃখে পীড়ে।
কৰ্ম্মপাশে বন্ধ ভৈলো লোভমোহে নেৰে॥
সংসাৰ সাগৰে জন্ম বিষয়ৰ ক্লেশ।
ইন্দ্ৰিয় আৱৰ্ত্ত গ্ৰাহ ভৈল ৰাগ দ্বেষ॥
শোক তৃষ্ণা উৰ্ম্মিক দেখন্তে চমৎকাৰ।
অত্যন্ত চঞ্চল অণুমাত্ৰো নুহি সাৰ॥
মায়ায়ে মোহিল হেন সংসাৰত আতি,
চিৰকাল ভ্ৰমো প্ৰভু হুয়া নানা জাতি॥
লভিলেহোঁ জন্ম প্ৰভু অসংখ্য প্ৰমাণ।
পঢ়িলোহোঁ বেদ শাস্ত্ৰ অনেক পুৰাণ॥