পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


নিত্য নিৰঞ্জন স্বপ্ৰকাশ আত্মা এক।
মায়া উপাধিৰ পদে দেখিয় অনেক॥
যতেক আকৃতি মানে মায়াময় সৃষ্টি।
হেন জানি কেৱল ব্ৰহ্মাত দিয়া দৃষ্টি॥
স্বৰূপত একে মাত্ৰ মৃত্তিকা আকাৰ।
ঘট পট ভেদে দেখি অনেক প্ৰকাৰ॥
এহিমতে অনেক অদ্বৈত আত্ম বুদ্ধ।
মায়া উপাধিৰ পদে দেখি বহুবিধ॥
মায়াময় নাম ৰূপ সাবাকো উপেক্ষা।
অন্তৰ্য্যামী মই ঈশ্বৰক মাত্ৰ দেখা॥
থিৰ চিত্তে অভ্যাসিয়ো পিতৃ মহাশয়।
দেখিবা জগত সব নাৰায়ণময়॥

(কুৰুক্ষেত্ৰ, ৫০৯—৫১৩)


৬। কৰ্ম্মীৰ অদ্বৈত জ্ঞান যেহেন দুষ্কৰ।
সেহিমতে সুদুষ্কৰ কীৰ্ত্তন নামৰ॥

(ৰত্নাকৰ, ৩৩২)


৭। সমস্ত প্ৰাণীক ব্যাপী আছোহোঁ অনন্ত।
বাহিৰে ভিতৰে সমস্ততে ভগৱন্ত॥
যেন ঘট সব মাটি মাত্ৰ বিচাৰত।
সেহিমতে ব্যাপি আছো এহি ত্ৰিজগত॥
যত পঞ্চ ভূত জীব্ৰ আছে চৰাচৰ।
মঞি পৰিপূৰ্ণত দেখিয়ো নিৰন্তৰ॥

(কুৰুক্ষেত্ৰ, ১৪৮-১৪৯)