পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৩। মনু, আদিকৰি বেদ অৰ্থ বিচাৰয়।
বেদ অৰ্থ হৰিনাম জানয় নিশ্চয়॥
বিস্তৰ শাস্ত্ৰত হৰিনাম নিৰূপিল।
তথাপিতো প্ৰায়শ্চিত্ত তত্ত্ব নকহিল॥
যেন স্বাগ যোগাদিক বেদত কহিলা।
পাছত অদ্বৈত মাত্ৰ জ্ঞান নিৰূপিলা॥

(ৰত্নাকৰ ভা: ৩২৭— ৩২৮)



৪। যাৰা সকলৰ শ্ৰদ্ধা অদ্বৈত জ্ঞানত।
নকৰয় যদি তাৰা যোগ আদি যত॥
তথাপিতো তাৰা বেদ তুচ্ছ নকৰিল।
অজ্ঞানীৰ প্ৰতি সিটো বেদক ৰাখিল॥
সেহিমতে হৰিনামে শ্ৰদ্ধা যি সৱৰ।
নকৰয় তাৰা যদি প্ৰায়শ্চিত্তান্তৰ॥
তথাপিতো প্ৰায়শ্চিত্ত-বিধায়ক বেদ।
নকৰিলা অজ্ঞানীৰ নিমিত্তে উচ্ছেদ॥

(ৰত্নাকৰ ভাঃ, ৩৩০-৩৩১)



৫৷ কিন্তু সমস্ততে কৰা এহি ব্ৰহ্ম দৃষ্টি।
তাপ দূৰ হোৱৈ যেন অমৃতৰ বৃষ্টি॥
মই তুমি সব যদুবংশ নিৰন্তৰ।
দেখা শুনা মানে আছে যত চৰাচৰ॥
সব ব্ৰহ্মময় ইটো কহিলো তোমাত।
জ্ঞানদৃষ্টি নিৰিক্ষণে দেখিয়ো সাক্ষাত॥