পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৫। সমস্ত ভূতৰে হৃদয়তে আছো আমি।
পৰম সুন্দৰ মহেশ্বৰ অন্তৰ্য্যামী॥
হেন বুদ্ধি কৰি সৰ্ব্বদায়ে জানা মোক।
এতেকে তৰিবা সংসাৰৰ দুঃখ-শোক॥

(ভক্তি প্ৰদীপ, ১৪৭-১৪৮)

⸻⸻

অদ্বৈত বাদ

১। তোমাৰ অদ্বৈত ৰূপ  পৰম আনন্দ পদ
 তাতে মোৰ মগ্ন হৌক চিত্ত।
ভৈলোহো দাসৰ দাস  জানি আৱে নৰহৰি
 আমাক নেড়িবা কদাচিত॥

(কীৰ্তন, ১৬৭০)

২। মায়াতেসে দেখয় বিবিধ পৰিচ্ছেদ।
স্বৰূপত তোমাৰ নাহিকে কিছুভেদ॥
চৈতন্য স্বৰূপে ব্যাপী এক নিৰঞ্জন।
তোমাক বুলিবে দ্বৈত কোন অজ্ঞজন॥
নিশ্চল নিৰ্ম্মল সূক্ষ্মৰূপ যিটো স্বামী।
দেৱে নজানন্ত তাক কেনে জানো আমি॥

(কীৰ্ত্তন; ২১৭৮—২১৭৯)