পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূত

১। সমস্ত ভূততে ব্যাপি আছো মই হৰি।
সবাক মানিবা তুমি বিষ্ণু-বুদ্ধি কাৰি॥
ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি একতুল॥
নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয়া সৰ্ব্বজান॥

(কীৰ্ত্তন, ১৮২০-১৮২৩)

২। বাহিৰে ভিতৰে জানা সমস্ত-ভূতৰ।
পৰিপূৰ্ণৰূপে আছোঁ মই মহেশ্বৰ॥
যেন জগতকে ব্যাপি আছয় আকাশ।
সেহিমতে সমস্ততে কৰাহোঁ প্ৰকাশ॥
নোছোৱয় মোক দোষ-গুণ জগতৰ।
দেখিবাহা সবাতে আমাক নিৰন্তৰ॥
×  ×  ×   ×
ব্ৰাহ্মণ-চণ্ডাল চোৰ-দাতা ক্ৰূৰ-শান্ত।
সবাক আমাক তুমি দেখিবা নিতান্ত॥
তেজি লাজ গৰ্ব্ব মান হুয়া উপশাম।
সমস্তকে দণ্ডৱতে কৰিবা প্ৰণাম॥
সমস্ত ভূতত মোক নেদেখাহা যেবে।
কায়-বাক্য-মনে যত্নে উপাসিবা তেবে॥