পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

অলপুত জ্ঞানে কেৱল দেখন্ত
 কেৱলে বিদ্যা শকতি।
সংসাৰ প্ৰকাশ  হেনয় মনক
 কৰিলা জীৱে সঙ্গতি॥
অত্মাৰূপে তাক বিচাৰ কৰিয়া
 নানা কাম ভোগ কৈলা।
এহিসে নিমিত্তে গুণৰ সঙ্গত
 জীৱ পুনু বন্ধ ভৈলা॥
পৰমাত্মা হৰি বিজ্ঞান মুৰুতি
 নিৰাকাৰ নিৰাময়।
নিত্য নিৰঞ্জন  আনন্দ স্বৰূপ
 দেহ ইন্দ্ৰ নাহিকয়।
তথাপি শুনয় বচন বোলয়
 বস্তুক সবে ধৰয়॥
গতিয়ো কৰয় বসিয়ো থাকয়
 কাহাকো কৰন্ত হত।
জগতৰে কৰ্ত্তা পালয় সবাকো
 সংহৰে সৱে জগত।
নিশ্চল নিৰ্ম্মল  নাহিকয় সঙ্গ
 একো শ্ৰেষ্ঠ নাহিকয়।।
বস্তু পৰিগ্ৰহ নাহিকয় তান
 কিছু কৰ্ম্ম নকৰয়॥