পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


পশু-বলি দিয়াটো মহাপাপ। তেনে কৰি নিজ স্বাৰ্থ-সিদ্ধিৰ বাবে দেৱ-দেৱীক ভেটি দি নিঃসহায় পশু-হত্যা কৰিবৰ আমাৰ কোনো অধিকাৰ নাই। অৱশ্যে খাদ্যৰ বাবে তেনে পশু-বধ তিমান দোষৰ নহব। এতেকে মাছ-মাংস খোৱা সংস্কাৰ জীৱ-হিংসাৰ ভিতৰত ধৰিব নোৱাৰি।

⸻ ⸻