যি খাদ্য সেই প্ৰাণীয়ে সেই খাদ্য খোৱাত দোষ হব
নোৱাৰে। মানুহে মাছ-মাংস খোৱাত যদি জীৱ হিংসা
হয় ভাত আৰু শাক-পাচলি খোৱাতো হব। তেনে অৱ-
স্থাত পুঁই এপাত খালেও আমাৰ দোষ হব, কিয়নো
তাৰো প্ৰাণ আছে। যদি কোৱা হয় যে মাছ-মাংস
খালে জীৱ-হিংসা কৰা হয় তেনেহলে আমাৰ শৰীৰ
ৰক্ষাৰ বাবে আমি অহৰহ কিমান প্ৰাণী-হত্যা কৰিব
লাগিছোঁ তাৰ কোনোবাই হিচাব ৰাখেনে? আমাৰ জীৱন
ধাৰণৰ উদ্দেশ্যে আমি সদাই মাটিৰ ওপৰত খোজ কাঢ়ি
ফুৰিব লাগে। নিতৌ তেনে কৰোঁতে আমি কিমান পোক-
পৰুৱাক গচকি মাৰিছোঁ তাক কোনোবাই ভাবি চায়নে?
এনেকৈ প্ৰাণী-হিংসা নকৰিলে আমাৰ জীৱন-যাত্ৰা নিৰ্ব্বাহ
নহয়। আমি আমাৰ নিশ্বাস-প্ৰশ্বাসত কোটি কোটি ক্ষুদ্ৰ
প্ৰাণীৰ প্ৰাণ সংহাৰ কৰিছোঁ৷ তেনে জীৱৰ প্ৰাণ ৰক্ষা
কৰিবলৈ বিচাৰিলে আমি উশাহ-নিশাহ বন্ধ কৰি মৰিব
লাগিব। এতেকে জীৱন ধাৰণৰ বাবে আমি প্ৰাণী-বধ
কৰিবই লাগিব। কিন্তু সেই বুলি আমি কাম-ক্ৰোধ আদি
ৰিপুৰ বশবৰ্ত্তী হৈ বা প্ৰতিশোধ লবৰ কাৰণে হিংসাত
কোনো প্ৰাণীৰ প্ৰাণ নাশ কৰিলে নিশ্চয় আমাৰ পাপ
হব আৰু তাৰ ফল ভুগিব লাগিব। সেইদৰে আমাৰ
কোনো কামনা পূৰণৰ বাবে দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ
পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪০৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী