পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


ধৰ্ম্ম প্ৰচাৰ-কাৰ্য্যত বহুত অসুবিধা আৰু অন্তৰায় বুলিয়ে মহাপুৰুষে মাছ-মাংসৰ ব্যৱহাৰ নিষেধ নকৰিলে। এই খিনিতে এটি প্ৰবাদলৈ মন কৰা উচিত :—

 এসময়ত মাধৱদেৱ পুৰুষে এখন কছাৰী গাওঁলৈ গৈ গাৱঁলীয়াসকলক মদ আৰু গাহৰি খাবলৈ এৰি শুদ্ধ হবলৈ আৰু তাৰ লগে লগে নাম-ধৰ্ম্ম লবলৈ উপদেশ দিছিল। কছাৰীসকলে মদ আৰু গাহৰি খাবলৈ নিষেধ কৰা শুনি খঙত জ্বলি উঠিল আৰু তেওঁক অপমান আৰু অত্যাচাৰ কৰি তাৰপৰা খেদি দিলে। পিচত মহাপুৰুষ শঙ্কৰদেৱে সেই গাৱঁলৈ গৈ গাৱঁলীয়াসকলক সম্বোধন কৰি কবলৈ ধৰিলে—“তোমালোকে মদো খোৱা, গাহৰিও খোৱা, কেৱল মুখেৰে এবাৰ হৰি বোলা; তেনেহলে তোমালোক শুদ্ধ হবা আৰু ঈশ্বৰে তোমালোকক সকলো দুখ- দুৰ্গতিৰপৰা ৰক্ষা কৰিব।’ এই কথা শুনি শ্ৰোতাসকলে কলে—“এই ধৰ্ম্মতো অতি সহজ।” তেনে বুলি কৈ তেওঁলোকে তেতিয়াই মহাপুৰুষত শৰণ লৈ এই ধৰ্ম্মৰ ভকত হল। অসমৰ “শৰণীয়া” আৰু “শৰণীয়া কছাৰী” এই ঘটনাৰ পৰা উদ্ভৱ হৈছে বুলি বহুতে কয়। শেষত ভক্তি হলে মদ-মাংস এনেই এৰিব।

 এতেকে ভাবিব পাৰি পূৰ্ব্বৰ সংস্কাৰ একেবাৰে নিৰ্ম্মূল, কৰা অসম্ভৱ যেন অনুমান কৰি মহাপুৰুষে মাছ আৰু হৰিণ আদিৰ মাংস খোৱা নিষেধ নকৰিলে।