সমললৈ যাওক

পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

পৰাই জ্ঞান হয়। নাস্তিকৰ জ্ঞান থাকে; কিন্তু ঈশ্বৰ নামানে, ঈশ্বৰলৈ ভক্তিও নাই, তেনে জ্ঞান ব্যৰ্থ বেদান্তৰ তত্ত্বও সেই।

ভকতি বিহীন জ্ঞান-কৰ্ম্ম সৱে ব্যৰ্থ।
কহিলো স্বৰূপে বেদান্তব তত্ত্ব অৰ্থ॥

(‘ভাগঃ, প্ৰথম, ১|৪১)

 কৰ্ম্ম-যোগ, জ্ঞান-ৰোগ আদিৰ ফল বৰ্ণনা কৰি ভগৱন্ত কৃষ্ণই গীতাৰ শেষ দুই শ্লোকত সকলোতকৈ গুহ্যতম তত্ত্ব প্ৰচাৰ কৰিছে। যেনে,

“মন্মনা ভৱ মদ্ভক্তো মদ্ যাজী মাং নমস্কুৰু।
মামৈৱৈষ্যসি সত্যং তে প্ৰতিজানে প্ৰিয়োহসি মে॥
সৰ্ব্বধৰ্ম্মান, পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।
অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ॥”

( গীতা, ১৮|৬৫-৬৬)

 অৰ্থাৎ, হে অৰ্জ্জুন! তুমি মদ্গতচিত্ত আৰু মদ্ভক্ত হোৱা; মোৰ উদ্দেশ্যে যজ্ঞ কৰা আৰু মোকে নমস্কাৰ কৰা। তেনে হলে তুমি মোক পাবা। এইটো মই সত্য প্ৰতিজ্ঞা কৰিছোঁ; কিয়নো তুমি মোৰ অত্যন্ত প্ৰিয়।

 তুমি সকলো ধৰ্ম্ম পৰিত্যাগ কৰি এক মোতেই শৰণ লোৱা। মই তোমাক সকলো পাপৰপৰা