পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পুৰুষ শঙ্কৰদেৱৰ বাণী

মানৱ মাথোন। উপনিষদৰ মতে কৃষ্ণ-দৈৱকীপুত্ৰই ঘোৰ আঙ্গিৰস ঋষিৰ শিষ্য স্বৰূপে জ্ঞান-ধৰ্ম্ম শিক্ষা কৰি তাকেই পৃথিবীত প্ৰচাৰ কৰিছিল। এয়ে এই পণ্ডিত সকলৰ প্ৰধান যুক্তি। এওঁলোকে কয়, ঘোৰ আঙ্গিৰস সূৰ্য্য- উপাসক আছিল; তেওঁৰ শিষ্য কৃষ্ণ দৈৱকী-পুত্ৰও সূৰ্য্য-উপাসক আছিল। ঋগ্বেদৰ বিষ্ণু দেৱতাই সূৰ্য্য। এওঁলোকে ভাবে বেদৰ “বিষ্ণু গোপা” ৰ পৰা ব্ৰজৰ “গোপ (বা গোপাল ) কৃষ্ণ” আখ্যান আৰু ঋগ্বেদৰ “বিষ্ণু গোপা’’ই তেওঁৰ তিনি পদেৰে ব্ৰহ্মাণ্ডক আগুৰা

“ত্ৰীণি পদা বিচক্ৰমে বিষ্ণুৰ্গোপা অদাভ্যঃ।
অতো ধৰ্ম্মাণি ধাৰয়ন্”।

( ঋক্, ১১৷২২।১৮)

কথাৰ পৰা বামন অৱতাৰ আৰু বামনে তিনি পদেৰে স্বৰ্গ মৰ্ত্ত্য আৰু পাতাল দখল কৰা আখ্যান ওলাইছে। কিন্তু এইবোৰ মিছা, সাধু কথাহে। এওঁলোকৰ আৰু এটি যুক্তি এই যে, বৌদ্ধ ঘটজাতকত “বাসুদেৱক” এজন ক্ষত্ৰিয় কুমাৰ, সামান্য মানুহ বুলিছে। ঘট- জাতকত বাসুদেৱৰ অপৰ নাম কণ্ হ (কানাই বা কৃষ্ণ)। গ্ৰিয়াৰ্‌চন, গাৰ্ব্ব, ভন, স্ক্ৰোদৰ, ডাক্তৰ ভাণ্ডাৰ্‌কাৰ আদিপণ্ডিত এই মতৰ পক্ষপাতী৷