পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
পুৰুষ শঙ্কৰদেৱৰ বাণী

হেন নাম প্ৰচাৰিলা  পাতকীক নিস্তাৰিলা
 পৰম কৃপালু নাৰায়ণ॥
দেৱৰো ঈশ্বৰ হৰি  তেন্তে মহা যত্ন কৰি
 লৱে এক শৰণ সাক্ষাত।
যাৰ ইচ্ছা মুক্তি পাইবে  নলাগে দূৰক যাইবে
 আছা হৰি সবাৰ হিয়াত॥

(কীৰ্ত্তন ২৩২১-২৩২৪)

 আলৱাৰ সকলৰো এই ধৰ্ম্ম।

 ৩। এক শৰণ ধৰ্ম্ম—গীতাৰ শেষত ভগৱন্ত কৃষ্ণই অৰ্জ্জুনক কৈছে:—

সৰ্ব্বান্ ধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।
অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ॥

(গীতা, ১৮৷৬৬)

অৰ্থাৎ, সৰ্ব্ব ধৰ্ম্ম এড়ি এক শৰণ সাক্ষাত।
সুদৃঢ় বিশ্বাসে সখি লৈয়োক আমাত॥
নকৰিবা ভয় হেৰা কৰোঁ অঙ্গীকাৰ।
সমস্তে পাপতে মঞি কৰিবোঁ নিস্তাৰ॥

( প্ৰথম, ১৯০-১৯১)