পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰুষ শঙ্কৰদেৱৰ বাণী


 ( খ ) নাম ধৰ্ম্ম—বাণীত নামধৰ্ম্মৰ কথা আছে। মহাপুৰুষ শঙ্কৰদেৱে এই ধৰ্ম্মক “নামধৰ্ম” ও বুলিছে :—

ঘোষা।

কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত।
নাম-ধৰ্ম্ম কৰিল বিদিত॥

পদ।

সত্যযুগে প্ৰথমত  ব্ৰহ্মা আদি দেৱ যত
 হৰিনাম কৰিলা গুপুত।
কিনো দয়াময় হৰি  নামক বেকত কৰি
 কলিপাপ কৰাইল লুপুত॥
........
মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত  তপ তীৰ্থ কোটি শত
 হৰিনাম অধিক সবাতে।
কিনো ভাগ্য কিনো ভাগ্য  হেন হৰিনাম লাগ
 পাইলে লোক মুকুত সাক্ষাতে।

পাতক শুকান বন  হৰিনাম হুতাশন
 ক্ষণেকতে দহি কৰে ছন্ন।