পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰুষ শঙ্কৰদেৱৰ বাণী

তম্ৰপৰ্ণী, কৃতমালা, পয়স্বিনী, কাবেৰী, মহাপুণ্যা, প্ৰতীচী আৰু মহানদী প্ৰৱাহিত হয়, সেই দ্ৰাবিড় দেশত বহুত হৰিভক্ত হব। যিসকল লোকে এইবোৰ নদীৰ পানী খায়, তেওঁলোক প্ৰায়ে ভগৱন্ত বাসুদেৱৰ প্ৰতি ভক্তি-সম্পন্ন হয় আৰু তেওঁলোকৰ অন্তৰ শুদ্ধ হয়।”

 সেইকালত কেৱল উত্তৰ ভাৰত আৰু দাক্ষিণাত্যতহে এই ভাগৱত ধৰ্ম্ম প্ৰচলিত আছিল এনে নহয় কামৰূপ দেশতো চলিছিল। নগাওঁ জিলাৰ বৰগঙ্গাত পোৱা এখন শিলালিপিৰ পৰা জনা যায় যে—খৃষ্টীয় ৫৫৩-৫৫৪ চনত মহাৰাজাধিৰাজ ভূতি বৰ্ম্মন এজন পৰম ভাগৱত আছিল (‘স্বস্তি শ্ৰীপৰম দৈৱত পৰম ভাগৱত মহাৰাজাধি-ৰাজাশ্বমেধ্যযজিন, শ্ৰীভূতিবৰ্ম্মণ্য পাদানাং সং ২০০ ৩০ =২৩৪”)।

 এই ভাগৱত ধৰ্ম্মৰ আলোচনা আৰু তত্ত্ব দুখন ধৰ্ম্ম শাস্ত্ৰত পোৱা যায়—ভগৱদ্ গীতা আৰু ভাগৱত পুৰাণ। এই দুখন শাস্ত্ৰৰ নামেই প্ৰমাণ কৰে যে ইবিলাকৰ বিষয় বস্তু “ভাগৱত ধৰ্ম্ম”। দুজনা গুৰুৱে ভাগৱত পুৰাণক মহাভাগৱত বুলিছে। মহাভাগৱতৰ অৰ্থ বাণীত পোৱা যাব। আলৱাৰসকলৰো এই দুখন প্ৰধান ধৰ্ম্ম শাস্ত্ৰ৷