পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাণীৰ পৰিশিষ্ট।

 ১। বৈষ্ণৱ ধৰ্ম্ম—বিষ্ণুৰ ভজনা যি ধৰ্ম্মৰ প্ৰতিপাদ্য সেয়ে বৈষ্ণৱ ধৰ্ম্ম। “বৈষ্ণৱ”ৰ উল্লেখ প্ৰথমে মহাভাৰতত পোৱা যায় :—

“অষ্টাদশ পুৰাণানাং শ্ৰৱণাদ্ যৎফলং ভৱেৎ।
তৎফলং পৰমাপ্নোতি বৈষ্ণবো নাত্ৰ সংশয়ঃ।

(মহাভাৰত, ১৮৷৬৷৯৭)।

 “ওঠৰ পুৰাণ শুনিলে যি ফল হয়, বৈষ্ণৱে মহাভাৰত শুনিও সেই ফল পায়, সন্দেহ নাই।”

 বিষ্ণুৰ নাম বেদতো পোৱা যায় (ঋগবেদ, ১ম, ২২ আৰু ১৫৪ সূক্ত, ৭ম, ৩৯ আৰু ৯৯ সূক্ত আৰু ১০ম ৬৫ আৰু ১৪১ সূক্ত; অথৰ্ব্ববেদ ১১শ অনুৱাক)। ইবিলাকত বিষ্ণুক সূৰ্য্য দেৱতাৰ এক ৰূপ বোলা হৈছে। বিষ্ণু দেৱতা ইন্দ্ৰৰ সমান এজন যোদ্ধা; কিন্তু ইন্দ্ৰতকৈ ডাঙৰ নহয়। ব্ৰাহ্মণ যুগত কেতিয়াবা বিষ্ণুক দেৱতাসকলৰ দুৱৰী— “দেৱানাং দ্বাৰপঃ” (ঐতঃ ব্ৰাঃ ১৷৩৯) বোলা হৈছে; কৰবাত আকৌ দেৱতাসকলৰ মাজত প্ৰধানো বুলিছে :—

 “স দেৱানং শ্ৰেষ্ঠাহভৱৎ। তস্মাৎ আহু ৰ্বিষ্ণু দেৱানাং শ্ৰেষ্ঠ ইতি।” (শতপথ ব্ৰাঃ, ১৪।১।১৫)। ব্ৰাহ্মণ