পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

গুৰুৰ দোষত জীৱ-জগতৰ জ্ঞানত আউল লাগে অৰ্থাৎ প্ৰকৃত জ্ঞান নহয়।

 [ ২৬৫ পৃঃ ] ৯নং ফকৰা, নামক নামে ভজে, নামক নামে যজে, নামক নামে কৰে সেৱ— ঈশ্বৰৰ নাম ঈশ্বৰৰ অংশী ভকতে ভজে, যজে আৰু সেৱা কৰে। নিজ অৰ্থাৎ ঈশ্বৰৰ নাম লৈয়েই জীৱ মুক্তি পায়। এই তত্ত্ব সকলোৱে নাজানে।

 [ ২৬৫ পৃঃ ] ১০ নং ফকৰা, সাগৰে নাগৰ, নাগৰে সাগৰ, সাগৰক গিলিছে মাছে—আচৰিত হলেও সঁচা যে, দ সাগৰো ওখ ভূমি হৈ নগৰত পৰিণত হয় আৰু সেইদৰে ওখ ভূমি বা নগৰো সাগৰত তল যায়, যেনে দ্বাৰকা। আকৌ সাগৰত থকা মাছেও সাগৰক গিলি পেলায় যেনে,

“নধৰিল সাগৰে তোমাৰ মৎস্য কায়া।”

 এডাল নলেৰে কেতিয়াও এটা ডুলি সাজিব নোৱাৰি। এডাল নলৰ নটা ডুলি কৰাতো তাৰ একখণ্ড বাকী থকাটো ওপৰোক্ত কথাৰ দৰে অতি আচৰিত৷ কিন্তু আচলতে ইয়াত আচৰিত হবলগীয়া একো নাই, কিয়নো একভক্তিৰ ন টা প্ৰকাৰ আছে। সেয়ে কিন্তু যথেষ্ট নহয়৷ ভক্তিৰ প্ৰধান খণ্ড হৈছে অব্যভিচাৰিণী বা নিষ্কাম অংশ।

—: সমাপ্ত :-