পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
পুৰুষ শঙ্কৰদেৱৰ বাণী

 উলুত জুই লাগিলে চৰচৰি শব্দ হয়, কিন্তু ছাইত একো নাথাকে। আকৌ, নদীৰ মোচৰত পানীৰ বেগ বেচি যেন দেখি, কিন্তু বাস্তবিকে পানীৰ বেগ সমানেই। সেইদৰে নিষ্কাম ভক্তিত সিদ্ধি লাভ হয়; বাহ্যিক আড়ম্বৰ দেখাই কামনাযুক্ত ভক্তিও সিদ্ধি নহয়।

(তীৰ্থ ভ্ৰমণৰ কথা )

 [২৬৫ পৃঃ] ৭নং ফকৰা, বুজাক বুজাবা ইঙ্গিতে আকাৰে—চতুৰ লোকে ইঙ্গিত দিলেই কথা বুজে, কিন্তু অবুজনক গাত দুখ পোৱাকৈ বুজনি দিলেহে বুজি পায়।

 মাধৱদেৱ পুৰুষে পিতৃভূমি বাণ্ডুকালৈ যাওঁতে বাটত কাকত-কূটাত মহাপুৰুষ শঙ্কৰদেৱক লগ ধৰি তেওঁৰ অভিপ্ৰায় ব্যক্ত কৰিছিল। তেতিয়া শঙ্কৰদেৱে তেওঁক কৈছিল যে তেওঁৰ অভিপ্ৰায় ফলৱতী নহব। তথাপি তেওঁ বণ্ডুকালৈ গৈছিল। তাত জ্ঞাতি সকলে সংসাৰিক বহুত কথা শুধিছিল, কিন্তু ধৰ্ম্মৰ বিষয়ে একাষাৰ কথাও নুলিয়ালে। তেওঁ মনত দুঃখ পাই ফিৰি আহোঁতে মহাপুৰুষে এই ফকৰা মাতিছিল।

 [২৬৫ পৃঃ] ৮নং ফকৰা, এক ধানৰ এক চাউল— যেনেকৈ একে ধানৰ একে ৰকমৰ চাউল হলেও ৰান্ধনীৰ দোষত ভাত বেলেগ বেলেগ হয়, তেনেকৈ এক পৰম-ব্ৰহ্মৰ সৃষ্টি জীৱ-জগৎ প্ৰকৃত জ্ঞান নথকা