পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

শাখা-প্ৰশাখা (জীৱ-জগৎ ) তাৰ তলত আশ্ৰয় লৈ আছে॥

 [২৬৪ পৃঃ] ৪নং ফকৰা, বালিত পাৰিলে কণি— যেনেকৈ কাছই বালিত কণি পাৰি থৈ এৰি আহে আৰু সেই কণিৰ পৰা পোৱালী জগি পিচত আহি পানীত পৰে, কিন্তু মাকৰ লগ নাপায়, সেইদৰে দুজনা গুৰুৱে উজনি অসমত এক শৰণধৰ্ম্মৰ বীজ সিঁচি ভটিয়াই আহিল। পিচত আৰু উজনি অসম, তাৰ প্ৰজা আৰু শিষ্যৰ লগত চিনাচিনি নহল।

 [২৬৫ পৃঃ] ৫নং ফকৰা, পঢ়ি শুনি নাপায় তৎ— বহুত মাছত বগলি কণা— কথা সকলোৱে জানে। কাণী বগলীয়ে বহুত মাছ দেখিলে - ইটো ধৰিম নে সিটো ধৰিম কৰোঁতে যায়, মাছ ধৰিব নোৱাৰে। সেই দৰে বহুত শাস্ত্ৰ পঢ়িবৰ পণ্ডিত হলেও প্ৰকৃত জ্ঞান অৰ্থাৎ শ্ৰদ্ধা ৰতি নহলে ভক্তি নহয়।

 [২৬৫ পৃ ] ৬নং ফকৰা, উলুৰ চৰ্চৰি নদীৰ মোচৰ— এজনী বুঢ়ীৰ শ্ৰদ্ধাৰে দিয়া সিধা-ভোজনত গুৰুজন সন্তুষ্ট হৈছিল। তাকে দেখি সঙ্গতিপন্নলোক কিছুমানে আৰম্বৰেৰে তেওঁক সিধা-ভোজনি দিলে। তাত তেওঁ সন্তুষ্ট নহল আৰু তাৰ প্ৰশংসাও নকৰিলে। তাৰে এই ফকৰা :—