পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


আকৌ, “কৃষ্ণ যশে যাহাৰ শোধিত ভৈল চিত্ত।
 তাসম্বাৰ সঙ্গৰ মহিমা বিপৰীত॥”

(তথা, ৩৭২)।


পুনশ্চ, “সাধু সমস্তৰ অনুগ্ৰহ ব্যতিৰেক॥
 ভগৱন্ত ঈশ্বৰক জানন দুৰ্লভ।
 অন্য কোন সাধনত নাহিকে সুলভ॥”

(ৰত্নাৱলী, ৪০০ )


আকৌ, “সন্তৰ আশ্ৰয়  পাইলে সেহিমতে
 ত্ৰিতয় কাৰ্য্য সাধয়।
 গুচে কৰ্ম্ম জড়  অজ্ঞান আন্ধাৰ
 আৱৰ সংসাৰ ভয়॥”

(তথা, ৪৩৮)।


পুনঃ, “সন্ত সূৰ্য্য যাৰ  ভৈলন্ত প্ৰকাশ
 কি কৈবো ভাগ্য তাহাৰ।
 সগুণ নিৰ্গুণ  ভকতি প্ৰকাশে
 প্ৰকাশে চক্ষু অপাৰ॥”

(তথা, ৪৪১)।

 [ ২১৪ পৃঃ ] চাৰি বস্তু একে— নাম, দেৱ, গুৰু, ভকত—এই চাৰি বস্তুৱে ভগৱন্তক নিৰ্দ্দেশ কৰে।

 [ ২১৪ পৃঃ ] নাম—মাধৱদেৱ পুৰুষেও কয় :—