পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


নহলে ভক্তি নহয়। সাধু-সঙ্গ মোক্ষতো অধিক মহাপুৰুষ মাধৱদেৱেও কয় :—

 “পশুপক্ষী বৃক্ষ গৰু গোপিকা প্ৰভৃতি।
 সৎসঙ্গ লভিয়া কৰে আমাত পীৰিতি॥
 এতেকে কৃতাৰ্থ হৈয়া পাইলে মোক সুখে।
 মহাজ্ঞানীসকলে নপাৱে যাক দুঃখে॥”

(ৰত্নাৱলী, ২৭৭-৮)।



আকৌ, “শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰু।
 তাহান পৰম কৃপাৰস কল্পতৰু॥
 তাহাৰ উত্তম ফল সৎসঙ্গ প্ৰধান।
 ভাগৱত শাস্ত্ৰে অভিপ্ৰায় এহিমান॥”

(তথা, ২৯৬১)।



আকৌ, “অল্প মাত্ৰ সাধু-সেৱা কৰিলি সাক্ষাত।
 এতেকতে মোত দৃঢ় মতি হৈল জাত॥”

(তথা, ৩০০। কৃষ্ণৰ উক্তি )



আকৌ, “ভগৱন্ত বাক্য থওঁ সংহৰি সম্প্ৰতি।
 স্বৰ্গাদিতো কৰি শ্ৰেষ্ঠ সাধুৰ সঙ্গতি॥”

(ৰত্নাৱলী, ৩০২)।



আকৌ, “কৃষ্ণ-পদযুগ মাত্ৰ যাহাৰ আশ্ৰয়॥
 তাৰা সবে মহামুনি পৰম মহন্ত।
 সন্নিধি মাত্ৰকে সদ্যে পৱিত্ৰ কৰন্ত॥”(তথা, ৩০৫)