পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


বেদেও যাহাক নিৰূপিবে নপাৰয়।
নিষেধৰ শেষ বুলি প্ৰকাৰে, কহয়॥
যাত বিনে কাহাৰো নাহিকে একো সিদ্ধি।
যিটো ব্ৰহ্ম-তত্ত্ব হোৱে সবাৰো অবধি॥
তেন্তে নাৰায়ণ ৰূপ ভাবিবা নৃপতি।
তাহাৰ চৰণে মাত্ৰ কৰিয়ো ভকতি॥

(নিমি নৱসিদ্ধ ১৮১-১৮৪)

৩৷ একে ব্ৰহ্ম মাত্ৰ থাকে সৃষ্টিৰ আদিত।
জগত স্বৰূপ পাছে হোৱন্ত বিদিত॥
প্ৰকৃতি মহত অহঙ্কাৰ বুদ্ধি মন।
বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ॥
সবাৰে স্বৰূপ কৰে ব্ৰহ্মেসে প্ৰকাশ।
সমস্ততে যিটো কৰি আছন্ত নিৰাস॥
তেহেন্তেসে নাৰায়ণ জানিবা নৃপতি৷
তাহান চৰণ সেৱা বিনে নাই গতি॥

(পৃষ্ঠা, ১৮৭ -১৮৮)

৪। প্ৰৱৰ্ত্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক।
পৰমাত্মা বোলয় তেখনে মাধৱক॥

(নিমি নৱসিদ্ধ, ১৭৯)

৫| সমাধিত বেকত হোৱন্তে গুচে ভ্ৰম।
তেখনে বোলয় জানা মাধৱক ব্ৰহ্ম॥

(তথা, ১৮০)

২—