পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


[১০২ পৃ:] প্ৰেম-ভক্তি—ৰত্নাৱলীতো এই লক্ষণ
পোৱা যায় :—

“কিন্তু মোত ভৈল প্ৰেম ভকতি যাহাৰ।
হৈবেক পৱিত্ৰ যত পুৰুষ তাহাৰ॥
নুহিকে আশ্চৰ্য্য ইটো জানা মহাশয়।
সমস্ত জগত সিটো পবিত্ৰ কৰয়॥
বাক্য গদ গদ কৰে প্ৰেমৰ ভৰত।
দ্ৰৱে চিত্ত স্মৰি মোৰ মহিমা মনত॥
ভকতৰ বশ্য মই হেনয় আকলি।
পৰম আনন্দে হাসি তোলে খলখলি॥
এতকাল ভৈলো তযু সেৱায়ে বঞ্চিত।
এহি বুলি শোকে অতি কান্দে কদাচিত॥
এৱে পাইলো পাইলো বুলি কতো গাৱে গীত।
পৰম হৰিষে উঠি কতো কৰে নৃত্য॥
এহিমত ভাৱ যাৰ মিলিল প্ৰচুৰ।
গুচে লজ্জা আদি মায়া এড়ি হোৱে দূৰ॥
মুকুতিতো অধিক আনন্দ অতি মিলে।
জগত পৱিত্ৰ হোৱে তাহাঙ্ক দেখিলে॥
হেনয় ভক্তিক এড়ি যিটো নৰাধম।
মোক্ষৰ নিমিত্তে , আনমতে কৰে শ্ৰম॥
নাপাৱে মুকুতি চিত্ত সিদ্ধ নহে তাৰ।