পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

বুলিয় সখিত্ব তান্তে বিশ্বাসাদি কৰে।
কৃষ্ণত শৰীৰ সমৰ্পয় যিটো নৰে॥
সিজনৰ লক্ষণ শুনিয়ো যেনমত।
যেন গবাদিক যিটো বিকিলে পৰত॥
পালন, পোষণ চিন্তা নকৰে সিজনে।
সেহিমতে দেহ অৰ্পি কৃষ্ণৰ চৰণে॥
শৰীৰৰ অৰ্থে চিন্তা এড়য় সমস্ত।
ভকতিৰ এহি নৱ লক্ষণ প্ৰশস্ত॥

( ৰত্নাৱলী, ৪৪৯-৪৫৩)

আকৌ, “শ্ৰৱণ কীৰ্ত্তন আদি ভক্তি যত যত।
 একেকে সমস্তে পাপ হৰিবে শকত॥”

( ৰত্নাৱলী, ৪৬২)

আকৌ, “শুনা সভাসদ সব যুগুতি বচন।
 হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ॥”

(ৰত্নাৱলী, ৬৬৬)

আকৌ, “দেখাইলো শ্ৰৱণ সুখ মোক্ষতো অধিক।
 নোখোজে মুকুতি যিটো শ্ৰৱণ ৰসিক॥
 শ্ৰৱণৰ মহা-সুখ মুকুতিত নাই।
 মোক্ষ আদি কৰি সুখ শ্ৰৱণতে পাই॥”

(ৰত্নাৱলী, ৬১৫)