পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷


“ভক্তিশ্চেন্নৱলক্ষণা”ৰ অৰ্থ ন প্ৰকাৰৰ ভক্তি। মহাপুৰুষ মাধৱদেৱেও এই অৰ্থ ব্যাখ্যা কৰিছে।

“বহুৱিধ মাধৱৰ ভকতি আছয়।
তাহাতে প্ৰধান নৱ বিধ অতিশয়॥
প্ৰথমতঃ তাক মই দেখাইবাক প্ৰতি।
কহোঁ প্ৰহ্লাদৰ যেন বচন সম্প্ৰতি॥
শ্ৰৱণ কীৰ্ত্তন পদ-সেৱন স্মৰণ।
অৰ্চ্চন বন্দন দাস্য দেহ-নিবেদন॥
সখিত্ব সহিতে নৱবিধ এহিমান।
ইহাৰ লক্ষণ শুনা যাৰ যেন ঠান।”

(ৰত্নাবলী, ৪৪৭-৪৪৯)

 এই ভক্তিবোৰৰ প্ৰতিবিধৰ লক্ষণ তেৰাই এইদৰে দেখুৱাইছে :—

“অন্যে বা আপুনে গুণ নাম উক্ত কৰে।
তাহাকে শ্ৰৱণ বুলি কৰ্ণে যাক ধৰে।
নিজ মুখে উচ্চাৰিলে বোলয় কীৰ্ত্তন।
মনে ৰাম ৰূপ সুমৰণক স্মৰণ॥
প্ৰতিমা আদিত পৰিচৰ্য্যা সাধাৰণ।
কৰে যিটো বুলি তাক পদ নিষেবন॥
বুলিয় অৰ্চ্চন জল আদিত পূজয়।
তাকে বুলি দাস্য যত কৰ্ম্ম সমৰ্পয়॥

২৬