পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷

 [ ২৬ দফা ] ভক্তি ন বিধ—শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, অৰ্চ্চন, পদ-সেৱন, দাস্য, সখিত্ব, বন্দন আৰু আত্ম-নিবেদন। যেনে,—

“যদ্যপি ভকতি নৱ বিধ মাধৱৰ।
শ্ৰৱণ-কীৰ্ত্তন তাতে মহা শ্ৰেষ্ঠতৰ॥”

( মহাভাগৱত, প্ৰথম, ৩৮)

 কোনো কোনো লোকে ওপৰোক্ত ন বিধ ভক্তিৰ প্ৰকাৰ নোবোলে, ভক্তিৰ লক্ষণ , হে বোলে। কিয়নো মূল ভাগৱতত “লক্ষণ” শব্দটো বিশেষণ স্বৰূপে ব্যৱহৃত হৈছে। যেনে—

“শ্ৰৱণং কীৰ্ত্তনং বিষ্ণোঃ স্মৰণং পাদসেৱনম্।
অৰ্চ্চনং বন্দনং দাস্যং সখ্যমাত্মনিৱেদনম্॥
ইতি পুংসাহপিতা বিষ্ণৌ ভক্তিশ্চেন্নৱলক্ষণা।
ক্ৰিয়তে ভগৱত্যদ্ধা তস্মন্যেহধীতমুৰ্ত্তমম্॥”

( ভাগৱত, ৭৷৫৷২৩-২৪)

 অৰ্থাৎ, শ্ৰৱণ, কীৰ্ত্তন, পাদ-সেৱন, অৰ্চ্চন, বন্দন দাস্য, সখ্য, আৰু আত্ম-নিবেদন—এই ন লক্ষণাক্ৰান্ত ভক্তি, অধীত লোকে যদি ভগৱন্ত বিষ্ণুত সমৰ্পণ কৈ অনুষ্ঠান কৰে, মোৰ বোধেৰে, সেয়ে উত্তম শিক্ষা। ইয়াত