পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷


বা অনুৰাগেই ৰতি। তাৰ পিচত হে ভক্তি বা প্ৰেম-ভক্তি জন্মে।

 আকৌ, ভক্তি-সূত্ৰত শাণ্ডিল্য ঋষিয়ে—ঈশ্বৰত ঐকান্তিক অনুৰাগ বা ৰতিকে ভক্তি বুলিছে :—

“সা পৰানুৰক্তিৰীশ্বৰে। ( শাণ্ডিল্য-সূত্ৰ, ১৷১।২ )

 উপনিষদৰ কথাৰ পৰাও ভক্তি কি? জানিবপৰা যায় :—

‘নায়মাত্মা প্ৰৱচনেন লভ্যো ন মেধয়া ন বহুনা শ্ৰুতেন।
যমেৱৈষ বৃণুতে তেন লভ্যস্তস্যৈষ আত্মা বৃণুতে তনুংস্যাম॥”

( মুণ্ডকোপনিষদ, ৩৷২৷৩)

 অৰ্থাৎ এই পৰমেশ্বৰ পঢ়াৰ বা উপদেশ দিয়া শক্তিৰ দ্বাৰা পোৱাৰ যোগ্য নহয়, মেধাৰ দ্বাৰাও নহয়, বহুত শাস্ত্ৰ অধ্যয়ন আৰু শাস্ত্ৰৰ উপদেশ দ্বাৰাও নহয়৷ তেন্তে কেনেকৈ পাব পাৰি তাকে কয়—যি মানুহে কায়-বাক্য-কৰ্ম্মৰে একচিত্ত হৈ তুতি আৰু প্ৰাৰ্থনা কৰে আৰু সদাই তেওঁৰ ধ্যান কৰে। আন কিছু শক্তিক নামানে তেনে লোকৰ দ্বাৰা তেওঁক পোৱাৰ যোগ্য। এই পৰমাত্মাই তেনে লোকৰ হৃদয়ত নিজ স্বৰূপ প্ৰকাশিত কৰি দিয়ে। (কঠোপনিষদৰ ২৷২৩ মন্ত্ৰ দেখা)