অনন্তৰে হোৱে ৰতি ভকতি আমাত।
অনুক্ৰমে হোৱে আসি কহিলো তোমাত॥”
(ৰত্নাকৰ, ৬৫)
মহাপুৰুষ মাধৱদেৱেও তাকে কৈছে :—
“মোক্ষদাতা মই মোত শীঘ্ৰে অতিশয়।
অনুক্ৰমে শ্ৰদ্ধা ৰতি ভকতি মিলয়॥” (ৰত্নাবলী, ২৯৮)
মহাভাগৱততো তেনে -যেনে,
“তজ্জোষণাদাশ্বপবৰ্গবৰ্ত্মনি।
শ্ৰদ্ধাৰতিৰ্ভক্তিৰনুক্ৰমিষ্যতি॥” (ভাগৱত, ৩৷২৫৷২৫)
ছান্দোগ্য উপনিষদত “শ্ৰদ্ধা” কি? তাৰ এটি ব্যাখ্যা দিছে :—
“যদাবৈ শ্ৰদ্ধাত্যথ মনুতে নাশ্ৰদ্ধান্মনুতে শ্ৰদ্ধাদেব , মনুতে॥” ( ছান্দোগ্য উপনিষদ, ৭৷২১)
অৰ্থাৎ যেতিয়া কোনো লোকৰ কোনো বস্তুৰ প্ৰতি শ্ৰদ্ধা হয় তেতিয়া তেওঁ সেই বিষয়ে চিন্তা কৰে। শ্ৰদ্ধা থকা লোকেহে ভাৱে, অশ্ৰদ্ধাত নাভাবে। শ্ৰীশঙ্কৰাচাৰ্য্যই এই মন্ত্ৰৰ ব্যাখ্যা কৰোঁতে (“আস্তিক্য বুদ্ধীতিশ্ৰদ্ধা।” আস্তিক্য বুদ্ধিকে শ্ৰদ্ধা বুলিছে।
সাহিত্য দৰ্পণত আছে :—“ৰতিৰ্ম্মনোনুকূলেহৰ্থে মনসা প্ৰৱণায়িতম।” অৰ্থাৎ ভালপোৱা বস্তুলৈ মনৰ আকৰ্ষণ