পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


যেন মহা পঞ্চভূতে কৰিয়া নিবাস।
স্থাৱৰ জঙ্গম সদা কৰয় প্ৰকাশ॥
ময়ো সেহিমতে আছো জগতকে ব্যাপি।
তাৰ দোষ-গুণ মোক নোছোৱে তথাপি॥

(ভাগৱত ২য় স্কন্ধ, ৬৪৭-৬৫১)

২৫। জগত নিঃশেষ  সবাত প্ৰবেশ
 ভৈলা হৃষীকেশ  নজানি উদ্দেশ

(গুণমালা)

২৬। তুমি সত্যব্ৰত  মোক্ষৰ সাধন
 সৰ্ব্বকালে থাকা স্বামী।
 মহা পঞ্চভূত  তোমাতে উপজে
 তুমি সৰ্ব্ব অন্তৰ্য্যামী॥
 সৃষ্টিৰো অন্তত  তুমি মাত্ৰ থাকা
 সমতাক প্ৰৱৰ্ত্তাই। (দশম, ৬১)

২৭। অনাদি অনন্ত যিটো ব্ৰহ্ম নিৰঞ্জন।
 জ্ঞানময় আনন্দ ৰসত মগ্ন মন॥

(অনাদি পাতন, ৪০)

⸻⸻