পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


আকৌ, জ্ঞানকৰ্ম্ম যত  সমস্ততো কৰি
 কহিলোঁ শ্ৰেষ্ঠ ভকতি।
 ইদানিকো সৱে  মোক্ষতো অধিক
 দৃঢ়ায়া কহোঁ সম্প্ৰতি।
 জীৱন্তে মুকুত  ভৈল যিটো অতি
 আত্মাত মাত্ৰ ৰময়।
 শাস্ত্ৰ বহিৰ্ভূত  ভৈল হৃদয়ৰো
 দূৰ গৈল গ্ৰন্থিচয়॥
 তাৰা সবো সদা  পৰম নিষ্কামে
 ভকতি কৰে কৃষ্ণত।
 মোক্ষতো অধিক  ভকতিৰ সুখ
 জানিয়া অতি মনত।
 মুকুত সকলো  নেৰয় ভকতি
 কিনো অতি অদভুত॥”-(ৰত্নাৱলী,২৮২-৪)

আনঠাইত, “মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো
 ৰসময় মাগোহোঁ ভকতি।”-(নামঘোষা,১)

 এতেকে জনা যায় ভক্তি মুক্তিতকৈ অধিক বাঞ্চনীয়

[৫৭পৃ:] সংসাৰ— পাৰ্থিব জীৱনৰ গতি বা চক্ৰৰ নাম সংসাৰ। শৰীৰ, পুত্ৰ, দাৰা, ধন, জন, লৈ যি বিষয় ভোগ সেয়ে সংসাৰ। দৃশ্যমান সংসাৰখন—