পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


যে ভগবদ্ভক্তসকলে সালোক্যাদি মুক্তি পালেও গ্ৰহণ নকৰে, তেওঁলোকে সেৱাৰ সুখহে বিচাৰে। মহাপুৰুষ শঙ্কৰদেৱেও তাকে কৈছে :—

“ভকতি আনন্দ পূৰ্ণ  হুয়া একো নবাঞ্চয়
 আমাৰ ভকত নিৰন্তৰ।
বৈকুণ্ঠৰ সালোক্যাদি  পদচয় যদি দেন্ত
 ভক্তি বিনে তাকো নলৱয়।
নবাঞ্চিবে আন কাম  আমাৰ ভকত সৱে
 কিবা তাত কহিৱে লাগয়॥—ৰত্নাকৰ, ৪৭৯)

আকৌ কৈছে :—
মুকুতিত কৰি যেন  ভকতি গৰিষ্ঠ অতি
 কহো শুনা সাৱধান মনে।
সাযুজ্য মোক্ষকো মোৰ  নবাঞ্চয় কদাচিত
 আমাৰ একান্ত ভক্তগণে॥”-ৰত্নাকৰ, ৪৭৭)

 মহাপুৰুষ মাধৱদেৱেও ভক্তিক উচ্চস্থান দিছে

যেনে, যদ্যপি মুকুতি পদ দুখৰূপ হয়।
 তথাপি ভকতি শ্ৰেষ্ঠ কহিলো নিশ্চয়॥
 সেৱাৰ আনন্দ সুখ মুকুতিত নাই।
 মুকুতিৰ সুখ সুখে ভকতিতে পাই॥”(ৰত্নাৱলীৰ ৫২)