পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


ইন্দ্ৰ চন্দ্ৰ বায়ু বুলি পূজে যত দেৱ।
তাৰ অন্তৰ্য্যামী তুমি বিনে নাহি কেৱ॥
সৰ্ব্ব দেৱময় তুমি বচন নকৰে।
যেন যত নদী মানে সাগৰত পৰে॥

(দশম, ১৮৩১-১৮৩৪

২৩। জগতৰ আত্মা তুমি পৰম বান্ধৱ।
নাহি শত্ৰু মিত্ৰ একো তোমাৰ বান্ধৱ॥
জগতকে সমভাৱে অছাহা বিয়াপি।
ভজন্তা জনক প্ৰভু ভজাহা তথাপি॥

(দশম, ১৯০৫)

২৪। জগতৰ পূৰ্ব্বে মই মাত্ৰ থাকো জান।
কাৰ্য্য কাৰণৰ কিছু নাছিলেক আন॥
মোক মাত্ৰ দেখিয়োক সৃষ্টিৰ মধ্যত।
দেখা শুনা মানে সবে মই বিচাৰত॥
মই মাত্ৰ অৱশেষ থাকোহোঁ অন্তত।
কুণ্ডল ভাঙ্গিলে যেন সোণা স্বৰূপত॥
অবস্তুক দেখাৱয় বস্তুক আৱৰি।
এহিসে মোহোৰ মায়া জানা নিষ্ট কৰি॥
নথাকিতো দেখি যেন চন্দ্ৰমা উদয়।
থাকিতো ৰাহুক যেন কেহো নেদেখয়॥
এহিমতে মায়া আৰ কৰি ঈশ্বৰক।
অশাৰ বিষয় তাক দেখাৱে জীৱক॥