পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

মুক্তিবিলাকক সাধাৰণতে দুই ভাগত বিভাগ কৰা হয়,—

 (১) জীৱন্মুক্তি আৰু (২) পৰম বা বৈকুণ্ঠৰ মুক্তি।

(১) এই জন্মতে মুক্তি লাভ হলে তাক জীৱন্মুক্তি বোলে। নাৰদ, সনক, সনাতন আদি ঋষিসকলৰ জীৱন্মুক্তি লাভ হৈছিল। (২) মৰণৰ পিছত বৈকুণ্ঠলাভ হোৱাকে পৰম মুক্তি বোলে। এই বিধৰ মুক্ত জীৱসকল বিষ্ণুৰ থানত বাস কৰে, বিষ্ণুৰ সমান ঐশ্বৰ্য্য পায়, বিষ্ণুৰ ৰূপ ধৰে আৰু বিষ্ণুৰ ওচৰত থাকে বা বিষ্ণুত লয় হয়। শাস্ত্ৰত কৈছে :—

বৈকুণ্ঠ, “ব্ৰহ্মাণ্ডৰ বাজ সিটো কৃষ্ণৰ নগৰ।
 কদাচিতো নোহে নাশ জানা মুনিবৰ॥
 প্ৰপঞ্চৰ ভিতৰ নুহিকে সিটো থান।
 ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্ম্মাণ॥
 জ্ঞান-কৰ্ম্ম যোগ-যাগ তপস্যা আচৰে।
 কৰাদিতো বৈকুণ্ঠক নযায় সিটো নৰে॥”

(ভাগ, দ্বিতীয়, ৮১-৮২)।

আকৌ, “বৈকুণ্ঠ নগৰ যেন শুনা পৰীক্ষিত।
 যাত কৰি শ্ৰেষ্ঠ লোক নাহি কদাচিত॥
 নাহি তাত কাম ক্ৰোধ লোভ মোহ ভয়।
 আত্ম-জ্ঞানী হুয়া সৱে স্তুতিসে কৰয়॥