পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 মহাভাগৱতেও অদ্বৈত-জ্ঞান সমৰ্থন কৰে, যেনে :—

যৎ কৰ্ম্মময়ং লিঙ্গং ব্ৰহ্মলিঙ্গং জনোহৰ্চয়েৎ।
একান্তমদ্বয়ং শান্তং তস্মৈ ভগৱতে নমঃ। ইতি—

( ভাগ, ৫৷২৩৷৩৩)।

 অৰ্থাৎ—যোনে প্ৰসিদ্ধ কৰ্ম্মফলৰ চিহ্ন, ব্ৰহ্মচিহ্ন, এক পৰমেশ্বৰেই যাৰ নিষ্ঠা যোনে অদ্বিতীয় আৰু ৰাগ- দ্বেষ শূন্য, মানুহে যাক ভক্তি ভাৱে অৰ্চনা কৰে— আমি সেই ভগৱন্তক নমস্কাৰ কৰোঁ।

“যস্মিন্নিৰূদ্ধগতয়ো হ্যনিশং পতন্তি
বিদ্যাদয়ো বিবিধশক্তয় অনুপূৰ্ব্বাৎ।
তদ্ব্ৰহ্ম বিশ্বভৱমেকমনন্তমাদ্য-
মানন্দমাত্ৰমৱিকাৰমহং প্ৰপদ্যে॥” (ভাগৱত, ৪৷৯৷১৬)

 যিসৱৰ গতি পৰস্পৰ বিৰুদ্ধ আৰু যিসৱৰ শক্তি নানাবিধ সেই বিদ্যাদি বিবিধ শক্তি যাৰপৰা উদ্ভূত হৈছে—তেঁৱে ব্ৰহ্ম-তেঁৱে এই বিহুৰ উৎপাদক। তেওঁ অদ্বিতীয়, অনাদি, অনন্ত, অৱিকাৰ আৰু আনন্দময়। মই তেওঁত শৰণ ললোঁ।

“অহং পয়ো জ্যোতিৰথানিলো নভো
মাত্ৰাণি দেৱা মন ইন্দ্ৰিয়াণি।
কৰ্ত্তা মহা নিত্যখিলং চৰাচৰং
তয়্যদ্বিতীয়ে ভগৱন্নয়ং ভ্ৰমঃ॥” ( ভাগৱত, ১০৷৫৯৷৩০)