পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদৱৰ বাণী


সেই মতে মই মন বুদ্ধি প্ৰাণ
 ব্যাপি আছো সমস্তৰ॥
আপোনাতে মই আপোনাকে স্ৰজো
 আপুনি পালো সকলে।
আপোনাকে পাছে আপুনি সংহাৰো
 আপোন মায়াৰ বলে॥
পৰম বিশুদ্ধ গুণহীন মই
 জ্ঞানৰূপ আত্মা এক।
মোতে আছে ইটো জগৎ মই পুনু
 জগতত ব্যতিৰেক॥
জাগন স্বপন নিৰ্ভৰ নিদ্ৰা
 ই তিনি মনৰ বৃত্তি।
মনৰ নিৰোধে তিনিয়ো গুচয়
 আত্মাত মিছা প্ৰতীতি॥
যেনে স্বপনক পুৰুষে চিন্তয়
 ঘুমটিৰ উঠি জাগি৷
সেই মতে মনে অনুক্ষণে স্মৰে
 মিছা বিষয়ক লাগি॥

(দশম, ২৩৯২-২৩৯৪)

২০। বুদ্ধি অহঙ্কাৰে আৱৰিলে অতি
 মহা মূঢ় ভৈলো স্বামী।
তোমাৰ অখণ্ড আনন্দ ৰূপক
 কিমতে জানিবো আমি॥ (কৰ্ত্তন, ১৬৬১)