পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 বেদব্যৱসায়ীসকলে তেওঁক ব্ৰহ্ম, হিৰণ্যগৰ্ভৰ উপাসকসকলে পৰমাত্মা আৰু ভগৱদ্ভক্তসকলে ভগৱান বুলি কীৰ্ত্তন কৰে*৷

 [১৫পৃঃ] দেহ—যাৰ উৎপত্তি প্ৰলয় হয় সেয়ে দেহ। দেহৰ আদি আৰু অন্ত আছে। (গীতা, ২৷১৮)

 [ ১৬ পৃঃ ] দেহ আৰু আত্মা—আত্মা দেহত থাকে, কিন্তুই দেহ নহয়। দেহ অগেয়ে নাছিল, এতিয়া হৈছে। এতেকে তাৰ মৰণ অনিবাৰ্য্য। আত্মাৰ হলে মৰণ নাই। দেহীৰ দেহ বীজাঙ্কুৰৰ দৰে পুত্ৰ-পৌত্ৰাদিৰূপ ধৰিও বৰ্ত্তমান নাথাকে। কাঠ যেনেকৈ অগ্নিৰপৰা ভিন্ন, দেহো আত্মাৰপৰা ভিন্ন ‡। এই জ্ঞান স্বৰূপ আত্মা নোপজে (অৰ্থাৎ দেহ হোৱাৰ পিচত নজন্মে), বা নমৰে (দেহ মৰিলে বা প্ৰাণ গলেও নমৰে), ক’ৰো পৰা নহয় (কোনো উপাদান কাৰণৰপৰা উৎপন্ন নহয়) আৰু তাৰ পৰা কোনো পুত্ৰাদি বা সংসাৰ নহয়)। এই আত্মা অজন্মা, অবিকাৰী, সনাতন, পুৰাণ (এতিয়াৰ দৰে আগেও নতুন) শৰীৰত থকাৰ পিচত শৰীৰক মাৰিলেও


  • বদন্তি তত্তত্ত্বৱিদিস্তং যজ্ জ্ঞানমদ্বয়ম্।

ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানিতি শব্দ্যতে॥ (ভাগৱত, ১৷২৷১০ )

‡ দেখা:—“ন ভৱিষ্যসি ভূত্বা ত্বং পুত্ৰপৌত্ৰাদিৰূপৱান্।
বীজাঙ্কুৰৱাদ্দহাদেৰ্ব্যতিৰিক্তো যথহানলঃ।” (ভাগৱত, ১২| ১৩)।