পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮) সাধু-অসাধু।

১। ধন-জন বিভৱ নাথাকে যাত আতি৷
 সেহিজন অসাধু লোকত অসঞ্জাতী॥
 পৰম দাম্ভিক যিটো ধনৰ গৰ্ব্বত।
 সেহি জন মহা সাধু বোলাইবে লোকত॥

( তথা, ২৯)

ফকৰা।

( শ্ৰীকান্তি ৰাম বুঢ়া ভকতৰ ফকৰাৰ পৰা লোৱা হৈছে )

১। সাত পুৰুষত নাই গাই।
 চালনী লৈ দুব যাই॥

২। সুকাজত বিকাজ হল।
 মাক নোহোৱাকৈ জীয়েক হল॥

৩। এডালি বৃক্ষেই আছে জগতকে জুৰি
 তলে আছে ডাল পাত উপৰে আছে গুৰি॥

৪। বালিত পাৰিলে কণি।
 কাৰো কতো নাই চিন চিনি॥