পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫) ধৰ্ম্ম-ব্যাখ্যা।

১। মূৰ্খৰ উন্নতি হৈব ফুৰিবে উল্লাসি।
 ধৰ্ম্ম বখনিবে উচ্চ আসনত বসি॥

(দ্বাদশ, ১২৬)।

(৬) দুৰ্ভিক্ষ।

১। পৰিব দুৰ্ভিক্ষ ভাতে মৰিবেক প্ৰজা।
 কৰৰ নিমিত্তে তাতে পীড়িবেক ৰাজা॥
 ৰাজ-ভৃত্যসকলে কৰিবে হুলস্থুল।
 নুগুচিবে মনুষ্যৰ মনত আকুল॥

(তথা, ১২৭)

(৭) পণ্ডিত।

১। কহিবে নপাৰে একো বেদ শাস্ত্ৰ তত্ত্ব।
 মহা জ্ঞান শূণ্য পৰমাৰ্থ-বিচাৰত॥
 একোৱে নজানে কিছু নাপাৰে খণ্ডিত।
 বহু-বল্কী ভৈলে তাক বুলিবে পণ্ডিত॥

( তথা, ২৮)।

⸺⸺