পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

হাৰিয়া জিনয় কেহো  জিনিয়া হাৰয় আতি
  কৈতো সৰ্ব্বকালে নাহিজয়॥

(ৰুক্মিণী হৰণ কাব্য, ৪৪৭)

⸻⸻

ঔষধি

১।  প্ৰথম ব্যাধিত যদি নেদয় ঔষধি।
  পাছে পীড়া কৰন্তে হৰয় সব বুদ্ধি।

(দশম, ১৩৫)



২। লঘু ভৈলি আপুনি নুশুনি মোৰ বুদ্ধি।
  স্বতন্তৰ ৰুগীয়াক কিকৰে ঔষধি॥

(ৰুক্মিণী হৰণ কাব্য, ৩৪০)

⸻⸻

কপটী

১। আমিসি কপটী   তুমিসি উদাৰ
   ই কথা আনত শোধা।
 আপোনাৰ ভৰি   থৱে আৰ কৰি
   পৰকেসে বোলে গোধা॥

(অষ্টম, ৯৩৯)

⸻⸻