পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৮।  ঈশ্বৰক হিংসা কৰে পৰ শৰীৰত।
 পৰয় অৱশ্যে সিটো ঘোৰ নৰকত॥

(ৰত্নাকৰ ভা: ৮০৭)


৯।  কৃষ্ণক নভজি যিটো পূজে আন দেৱ।
 কৰে বলিদান তাক সম নাহি কেৱ॥
(একাদশ, ৭৫৪ নাহি কেৱ অৰ্থাৎ কোনো আত্মঘাতী নাই)

⸻⸻

উপকাৰী আৰু উদাসীন

 কতো কতো মনুষ্যৰ হেন ব্যৱহাৰ।
 উপকাৰী জনকেসে কৰে উপকাৰ॥
 কতো সাধু নৰে উপকাৰক নচাৱে।
 কৰে উপকাৰ সমস্তক সমভাৱে॥
 উপকাৰী উদাসীন দুইতো নেদে মতি।
 সিটো কোনজন তাক কহিয়ো সম্প্ৰতি॥
 এহি বুলি সোধে কথা মাধৱক চাই।
 দিলন্ত সিদ্ধান্তকৃষ্ণে বুজি অভিপ্ৰায়॥
 শুনা সখীসব আবে বচন আমাৰ।
 যিটো উপকাৰীকেসে কৰে উপকাৰ॥
 সুহৃদ নাহিকে তাৰ নাই কিছু ধৰ্ম্ম।
 অপোনাৰ অৰ্থে মাত্ৰ কৰে সিটো কৰ্ম্ম॥