পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

তীৰ্থকো পৱিত্ৰ কৰা আত কোন চিত্ৰ।
তোৰ সঙ্গ পাইলে হুইব জগতে পবিত্ৰ॥

(ভক্তি প্ৰঃ, ৯৩-৯৪)

৮। কুকুৰক খায় হেন ম্লেচ্ছগণে।
 সিয়ো শুদ্ধ হোৱে হৰি কীৰ্ত্তনে॥

(কীৰ্ত্তন, ১১৮)

⸻⸻

প্ৰাণী উপকাৰ

১। কৰিবা ভূতক দয়া সকৰুণ চিত।
 হুইবা শান্ত চিত্ত সৰ্ব্বজনত বৎসল॥

(ভক্তিপ্ৰদীপ, ১৪২)


২| জগতৰ পুণ্য মানে জানা নিষ্ট কৰি।
 প্ৰাণী উপকাৰৰ অল্পকো নুহি সৰি॥
 হেন জানি প্ৰাণীক অভয় দিয়া দান।
 বোলা হৰি হৰি পাইবা বৈকুণ্ঠত থান॥

(হৰিশ্চদ্ৰ উপঃ, ৪৯১)


৩। পলু পিম্পৰাক যিটো ৰাখে যত্ন কৰি।
 ছয়মাস মানে তাত তুষ্ট হোন্ত হৰি॥

(অষ্টম, ৩৯৮)