পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 ইহ পৰকালত হৰিক পাইবা লাগ।
 যথা যায় তথা হৰি হন্ত সাতো আগ॥

(নিমি নৱসিদ্ধ, ৩২৩—৩২৪)

৪। জানিয়া সবে এৰা ভাষ ভুষ।
 ভাগ্যেসে ভাৰতে ভৈলা মানুষ॥
 আক বৃথা কৰা বিষয় ভোলে।
 মাণিকক বিকা কাচৰ মোলে॥
 মিছাত পুত্ৰ দাৰা বুলি মৰা।
 আপুনি গুণা আইলা কৈৰপৰা॥
 সবে মায়াময় স্বপ্নৰ সৰি।
 জন্ম সাফলি বোলা হৰি হৰি॥

(কীৰ্ত্তন, ১৫২৬ — ১৫২৭)

৫। ধৰা ভাগৱত ধৰ্ম্ম সুদৃঢ় বিশ্বাসে।
 তৰিবা সংসাৰ তেবে অতি অপ্ৰয়াসে॥

(নিমি নৱসিদ্ধ, ৪০৪)

৬৷ কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মাৰাম।
 জানিয়া সবাকো পড়ি কৰিবা প্ৰণাম॥
 X X X X
 বিষ্ণুময় দেখে যিটো সমস্তে জগতে।
 জীৱন্তে মুকুত হোৱে অচিৰ কালতে॥
 সকলো প্ৰাণীক দেখিবেক আত্মসম৷
 উপায় মধ্যত ইটো অতি মুখ্যতম॥

(কীৰ্ত্তন, ১১২৩—১৮২৫)