পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 ব্যাধিয়ে দুৰ্ব্বল  ইন্দ্ৰিয় বিকল
  তনু নতু হৰে যাৱে।
 যাৰ মনে ইচ্ছা   আছে মুকুতিক
  ভকতিক ধৰা তাৱে॥
 কলি যুগে গতি  নাই নাই নাই
  বিনে মাধৱৰ নাম।
 আপুনিয়ো তৰা   পুৰুষো উদ্ধাৰা
  ডাকি বোলা ৰাম ৰাম।

(দশম, ৫১১—৫১৪)

২। মোৰ ইটো ধৰ্ম্মৰ অল্পৰো নাহি হানি।
 যিহেতু সাক্ষাতে মই কৈলো তত্ত্ব বাণী॥
 দাম্ভিক শঠত নকহিবা ইটো তত্ব।
 সদা উপদেশ দিবা বৈষ্ণৱ জনত॥
 স্ত্ৰী শূদ্ৰয়ো কৰে যদি আমাত ভকতি।
 তাহাত কহিবা ইটো জ্ঞান মহামতি॥

(কীৰ্ত্তন, ১৮২৭—১৮২৮)

৩। শুনা সামাজিক জন কেশৱৰ কথা।
 বিষয়ৰ অৰ্থে জন্ম নকৰিবা বৃথা॥
 কাচৰ কাৰণে যেন তেজয় মাণিক।
 জানি সাধুজনে যত্নে ভজিয়ো হৰিক॥
 পিতৃ-মাতৃ হৰিসে হৰিসে বন্ধু সাৰ।
 হৰিসে সুহৃদ নিজ আতমা সবাৰ॥