পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

কৃষ্ণৰ চৰিত্ৰ সম্যকে অমৃত
 শুনা সব সভাসদ॥
ক্ষণিক জীৱন  মিলিব মৰণ
 গিলিবেক ধৰি কালে।
ইটো নৰতনু  নেনা আলে জালে
 বিষয় মিছা জঞ্জালে॥
যেন বিষ-লতা-  চয় ফুল ফলে
 আছে জকমক কৰি।
প্ৰথমে দেখন্তে  সুন্দৰ পাছত
 পৰশিলে যায় মৰি॥
সেইমত ইটো  পুত্ৰ দাৰা ধন
 বিষয়ৰ যত সুখ।
প্ৰথমে আনন্দ  মিলান্ত পাছত
 গুচন্তে পৰম দুঃখ॥
যত দেখা ধন  শৰীৰ সজ্জন
 মৰিলে লগে নাযায়।
হৰিৰ ভকতি  পৰম সম্পত্তি
 ইহ পৰলোকে পায়॥
পৰলোক ধন  মাধৱৰ নাম
 ধৰা আক গলে বান্ধি।
এতিক্ষণে আত  কৰা আল জাল
 পাছে মৰিবাহা কান্দি॥