পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

নিত্য নৈমিত্তিক  যত জাতি ধৰ্ম
  আশ্ৰমৰ যত কৰ্ম্ম।
কৃষ্ণত অৰ্পিলে  জানা সিয়ো হোৱে
  মহা ভাগৱত ধৰ্ম্ম॥

(নিমি নৱসিদ্ধ, ৫৩-৫৪)

৬। ভকতি বিহীন জ্ঞান-কৰ্ম্ম সবে ব্যৰ্থ।
 কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ॥

(প্ৰথম, ৪১)

৭। আপুনি কহিছা কষ্ণে বেদান্তৰ তত্ত্ব।
 পাপে সোপা দিলে সিয়ো নপশে কাণত॥
 হিয়াত নাহিকে বোধ শাস্ত্ৰ মাত্ৰ পঢ়ে।
 যেন জ্ঞান-শূণ্য শুকে সাৰবাণী ৰড়ে॥

(ভক্তি প্ৰদীপ ৪৩)

৮। চাৰিবেদ চৌদ্ধ শাস্ত্ৰ   সবাৰো এহিসে তত্ত্ব
  মুখ্য ধৰ্ম্ম হৰি গুণ নাম।
 হেন তত্ত্ব কথা জানি  সমজ্যাৰ যত প্ৰাণী
  ডাকি সবে বোলা ৰাম ৰাম॥

(দশম, ১৩০)

৯। শুনিয়োক সৰ্ব্বজন  কৃষ্ণ অৰ্পিয়া মন
  মহা ভাগৱত কথা সাৰ।
 ইসে পুৰাণৰ সূৰ্য্য  ভকতিৰ প্ৰকাশক
  সমস্ত বেদৰো সাৰোদ্ধাৰ॥