পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০। ধৰা ভাগৱত ধৰ্ম্ম সুদৃঢ় বিশ্বাসে।
 তৰিবা সংসাৰ তবে অতি অপ্ৰয়াসে॥

(নিমি নৱসিদ্ধ, ৪০৪)

১১। পৰম মঙ্গল  হৰিনাম ধৰ্ম্ম
 যাহাৰ থাকে মুখত।
 তাৰ তেতিক্ষণে  ভস্ম হুয়া যায়
 মহা পাপ কোটি শত॥

(কীৰ্ত্তন, ২০৬)

১২। কৃষ্ণ নাম-ধৰ্ম্ম ভৈল কলিত উদয়।
 যাৰ ধ্বনি শুনি হোৱে পাপৰ প্ৰলয়॥

(ভক্তি প্ৰদীপ, ৪২)

১৩। ধ্যান যজ্ঞ পূজা একো কলিত নকৰি।
 হুয়া এক শৰণ কীৰ্ত্তন সুখে তৰি॥
 এতেকে তৰিবা সুখে সংসাৰ সাগৰ।
 নিশ্চয় কলিত হোৱে নাৰায়ণ পৰ॥

(ৰত্নাকৰ, ৭২৩)

১৪। সত্বৰে সুদৃঢ়  ঈশ্বৰ কৃষ্ণত
 হুয়োক এক-শৰণ।
 তান গুণ-নাম  ধৰা অবিশ্ৰাম
 চিন্তিয়ো তান চৰণ॥

(ভক্তি প্ৰদীপ, ১৩৭)