পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৬। আত * মহাধৰ্ম্ম একে নামেসে প্ৰখ্যাত।
 শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাত॥
 পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ।
 হৰি-গুণ নাম-ধৰ্ম্ম মহা সুখকৰ॥
 স্ত্ৰী বৃদ্ধ বাল্য সমস্তৰে অধিকাৰ।
 চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ॥

(দ্বিতীয়, ২২—২৩)

৭। মোৰ বাক্য সুদৃঢ় বিশ্বাস সখি কৰি।
 আন দেৱ-ধৰ্ম্ম মানে সবাকো নাদৰি॥
 মোৰ নাম-ধৰ্ম্ম কৰা শ্ৰৱণ কীৰ্ত্তন।
 হুয়ো মহা সুখে সখি সংসাৰ তৰণ॥

(অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণ; ভক্তি প্ৰদীপ, ১৫৩)

৮। নাম লৈলে মাধৱে নেৰন্ত তাৰ কাছ।
 যেন ধেনু স্নেহত বৎসক নেৰে পাছ॥
 নাম-ধৰ্ম্ম হেনসে হৰিক কৰে বশ্য।
 নামৰ মহিমা ইটো বেদৰো ৰহস্য॥

(ষষ্ঠ, ১৭৪)

৯। কৃষ্ণ সূৰ্য্য ভৈল উদিত।
 নাম-ধৰ্ম্ম কৰিলা বিদিত।

(কীৰ্ত্তন ঘোষা ১৯৪)


  • আত—ভাগৱততঃ।