পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৪। ভাগৱত ধৰ্ম্মক শিখিবে এক মনে॥
 যি ধৰ্ম্মত তুষ্ট হুয়া প্ৰভু ভগৱান।
 নিজ ভকতক আপোনাকে দেন্ত দান॥
 নেৰন্ত ক্ষণেকো যাক দেৱ দামোদৰ।
 কাছতে থাকন্ত যেন বলি প্ৰহলাদৰ॥

(নিমি নৱসিদ্ধ, ১৩৯—১৪০)

৫। যদি বোলা দুষ্কৰ ইসৱ মহা কৰ্ম্ম।
 শুনিয়ো সুগম তেৱে ভাগৱত ধৰ্ম্ম॥
 ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম্ম গুণ-গণ।
 সদায়ে কৰিবে ধ্যান শ্ৰৱণ কীৰ্ত্তন॥
 তান অৰ্থে কৰিবেক যত ধৰ্ম্মচয়।
 যজ্ঞ দান তপ জপ সদাচাৰ ৰয়॥
 আপোনাৰ প্ৰিয় গন্ধ পুষ্প আদি যত।
 নিবেদিবে সমস্ত গোবিন্দ চৰণত॥
 পুত্ৰ পত্নী সবাকো সেৱক কৰি দিব।
 আপোন প্ৰাণকো কৃষ্ণ-পাৱত অৰ্পিব॥
 কৰিব সুহৃদ হৰিভকত সহিতে।
 বৃক্ষ পশু-পক্ষীকো অৰ্চ্চিব যথোচিত॥
 তাতো কৰি সাদৰিব মনুষ্য জাতিক।
 ধৰ্ম্মশীল জনক অৰ্চ্চিব ততোধিক॥
 যিটো মহাভক্ত, কৃষ্ণেসে আত্মা প্ৰাণ।
 ধৰ্ম্মিষ্ঠতো অধিক কৰিবে বহু মান॥

(নিমি নৱসিদ্ধ, ১৪৮—১৫১)