পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

যিটোজনে ভকতি জ্ঞানক দান কৰে।
তাঙ্ক সেৱা কৰি যিটো সংসাৰক তৰে॥
এতেকে সেহিসে বুদ্ধিমত্ত নৰোত্তম।
জগতত আন আৰু নাহি তাৰ সম॥
ভক্তি জ্ঞান-দাতা গুৰু বিনে সেৱা নাই।
কহিলেহো প্ৰতি প্ৰতি তোমাত বুজাই॥

(ৰত্নাকৰ ভাঃ ১৩–১৯)

২। সামান্য বিদ্যাক গুৰু উপদেশে পাই।
 হৰিৰ ভকতি গুৰু-সেৱা বিনে নাই॥

(ৰত্নাকৰ ভাঃ, ১১)

৩। বেদৰ ৰহস্য তত্ত্ব সকলে জানন্ত।
 কৃষ্ণকো ভকতি বলে সাক্ষাত কৰন্ত॥
 এহেন্তে উত্তম গুৰু কহিলো সম্প্ৰতি।
 ইহাৰেসে উপদেশে শুদ্ধ হোৱে মতি॥
 কৃষ্ণত ভকতি হোৱে সংসাৰকো তৰে।
 নাই নাই সংসাৰত গুৰু আতপৰে॥

(ৰত্নাকৰ, ২৪-২৫)

৪। আমাক চিনাৱে যিটো গুৰু কৃপাময়।
 সেহিসে পৰম বন্ধু জানিবা নিশ্চয়।

(উদ্ধৱৰ প্ৰতি শ্ৰীকৃষ্ণ, একাদশ, ২২৮)

৫। অখিল লোকৰ গুৰু প্ৰভু নাৰায়ণ।

(দশম, ২২৮২)

১৭