পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


সি সি নৰে তৰে ঘোৰ সংসাৰ আপদ।
মহা-সুখে পাৱে সিটো মুকুতি সম্পদ॥

(দশম, ৪১২)

২৬। নকৰিবা সেৱ সখি আন দেৱতাৰ।
নুহি যেন আমাৰ ভকতি ব্যভিচাৰ॥

(কৃষ্ণৰ উক্তি; একাদশ, ২৫০)

২১। শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ।
 আত পৰে আন ধৰ্ম্ম নাছিকে কলিত॥
 জানিবাহা সমস্ত শাস্ত্ৰৰ ইসে সাৰ।
 আত পৰে নাহি গতি কলিৰ প্ৰজাৰ॥
 ভৈল মলমতি লোক তেজিলে আচাৰ।
 পাতকীৰ নাহিকে কৰ্ম্মত অধিকাৰ॥
 আবে বাম নামক সততে যিটো গাৱে।
 সেহি সাধু মনুষ্যে হাততে মোক্ষ পাৱে॥
 শুনা যেনে গুণ আছে ৰামৰ নামত।
 উচ্চাৰন্তে উপজে পৰম পুণ্য যত॥
 মৰাকো জীয়ায়ৈ ইটো অমৃত ঔষধ।
 হেন নাম নধৰিয়া আপুনি যায় অধ॥
 কেতিক্ষণে ধৰে কালে ভাৰো নাহি নাহি স্থিতি।
 অদ্যাপি নুপুজৈ ঘোৰ নৰকৰ ভীতি॥
 কৃষ্ণৰ কিঙ্কৰ কহে গতি হৰিনান।
 ঘোষিও সঘনে নিৰন্তৰে ৰাম ৰাম॥

( প্ৰথম, ৩০৮-৩১১)